Assamese Department

UC Home

Fieldwork

ওদালগুৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ তত্বাৱধানত প্ৰতি বছৰে বিভাগীয় ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক জ্ঞান আহৰণৰ বাবে সুযোগ প্ৰদান কৰি অহা হৈছে। এই অভিযানৰ অধীনত প্ৰতি বছৰে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ পাঠ্যক্ৰমৰ সৈতে সম্পৰ্কিত অসমৰ ঐতিহ্যমণ্ডিত স্থান একোখনলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হয়। এই অভিযানৰ অন্তৰ্নিহিত উদ্দেশ্য হ’ল-একোটা নিৰ্দ্দিষ্ট বিষয়ক ক্ষেত্ৰ অধ্যয়ন। এই ক্ষেত্ৰ অধ্যয়নৰ কাৰ্য্যসূচীত বিভাগীয় অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে মহাবিদ্যালয়ৰ আন বিভাগৰ দুই -এগৰাকী অধ্যাপকেও সহায় সহযোগিতা আগবঢ়ায়। সেয়া বিভাগৰ বাবে সৌভাগ্যৰ কথা। উল্লেখযোগ্য যে, এই অভিযানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যক্ৰমৰ বিষয়বস্তু ক্ষেত্ৰ ভিত্তিক ভাৱে অনুধাৱন কৰিবলৈ সুযোগ লাভ কৰে। তেওঁলোকে এই অধ্যয়নৰ দ্বাৰা আহৰিত জ্ঞানক স্বপ্ৰতিভাৰে বিভাগীয় প্ৰাচীৰ পত্ৰিকাত প্ৰকাশ কৰি আহিছে। আমাৰ বিভাগৰ এই বিদ্যায়তনিক যাত্ৰাই ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া সাংস্কৃতিক ঐতিহ্যৰ মহত্বৰ সৈতে পৰিচয় কৰাই দিয়াত যথেষ্ট গুৰত্ব বহন কৰে।

Activities